তাপহীন কেঁচা মৌ (Raw Honey)
আমাৰ মৌচাকৰ পৰা সংগ্ৰহ কৰা মৌত কোনো তাপ দিয়া নহয় বা চেনী মিহলোৱা নহয়। ঠাণ্ডা বতৰত কেঁচা মৌ গোট মৰাটো (Crystallization) ইয়াৰ বিশুদ্ধতাৰ প্ৰমাণ।
থলুৱা শিপিনী আৰু বাঁহ শিল্পী
গামোচা, মেখেলা চাদৰৰ পৰা আৰম্ভ কৰি ডলা, খৰাহী, ঢৰা, বাঁহৰ বিচনী আৰু বেতৰ মূঢ়ালৈকে সকলো সামগ্ৰী আমাৰ স্থানীয় শিপিনী-কাৰিকৰে হাতেৰে তৈয়াৰ কৰে।
নিজা ডেলিভাৰী আৰু Pay on Delivery
বৰহাট, নামৰূপ, নাহৰকটীয়া, টিংখাং আদি ওচৰৰ অঞ্চলসমূহত আমি নিজেই গৈ সামগ্ৰী দি আহোঁ। সামগ্ৰী হাতত পাই Cash বা GPay/PhonePe-ৰে পইচা দিব পাৰিব।